আপোনাৰ কণ্ঠই এই ই-নিউজলেটাৰখনৰ আত্মা। সকলোলৈ অনুৰোধ যেন আপোনাৰ কণ্ঠক লেখালৈ ৰূপান্তৰিত কৰি আমাৰ লগত শ্বেয়াৰ কৰিব।
কেনিয়াৰ বিখ্যাত লেখক ঙুগি ৱা থিয়ং'ও (Ngũgĩ wa Thiong'o ) য়ে কোৱা কথাষাৰ মনলৈ আহিছে। তেওঁ কৈছিল:"If you know all the languages of the world and don't know your mother tongue, that is enslavement. But if you know your mother tongue and add all the other languages, that is empowerment."
ধ্ৰূপদী হ'ল এনে এক ভাষা, যি ভাষাৰ সমৃদ্ধশালী ইতিহাস, সাংস্কৃতিক গুৰুত্ব আৰু দীঘলীয়া ইতিবৃত্ত আছে। এনে ভাষাই অঞ্চলসমূহৰ পৰিচয় আৰু ইতিহাস গঢ়াত অন্যতম ভূমিকা পালন কৰে। এই স্বীকৃতিয়ে অসমৰ বৌদ্ধিক আৰু সাংস্কৃতিক পৰিসৰ গঠনত অসমীয়া ভাষাটোৰ ভূমিকা চিনাক্ত কৰিছে।